মুম্বাই: বলীউডৰ এগৰাকী উঠিগড়া অভিনেত্ৰীয়ে উত্থাপন কৰা ধৰ্ষণ আৰু ব্লেমেইলিংৰ গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ৭৩ বছৰীয়া জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক শাকিল নুৰানী। মুম্বাই আৰক্ষীয়ে দীৰ্ঘদিন ধৰি পলাতক হৈ থকা নুৰাণীক মহাৰাষ্ট্ৰৰ সাতাৰা জিলাৰ এখন ফাৰ্মহাউচৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মালৱানী আৰক্ষী থানাত পঞ্জীয়ন কৰা গোচৰ অনুসৰি, ৩৩ বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছে যে নুৰানীয়ে ২০১৬ চনত তেওঁৰ সৈতে যোগাযোগ কৰি ছবিৰ স্ক্ৰিপ্ট আলোচনা কৰাৰ অজুহাতত নিজৰ বাসভৱনলৈ মাতি পঠিয়াইছিল। নুৰানীয়ে তেওঁৰ পানীয়ত নিচাযুক্ত দ্ৰব্য মিহলাই অচৈতন্য কৰি ধৰ্ষণ কৰাৰ লগতে সেই অপত্তিকৰ দৃশ্য মোবাইলত বন্দী কৰি ৰাখিছিল বুলি অভিযোগ উত্থাপন হৈছে।
অভিযোগকাৰী অভিনেত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে অভিযুক্ত নিৰ্মাতা গৰাকীয়ে সেই ভিডিঅ’টো ভাইৰেল কৰি দিয়াৰ ভাবুকি দি বিগত চাৰি বছৰ ধৰি বাৰে বাৰে তেওঁক ব্লেমেইল কৰি শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। ইয়াৰোপৰি, বাৰম্বাৰ দিয়া ঔষধৰ প্ৰভাৱত তেওঁৰ গৰ্ভপাতো হৈছিল বুলিও এজাহাৰত উল্লেখ কৰা হৈছে।
প্ৰায় ৪০ দিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাতক হৈ থকা পৰিচালকগৰাকীক কাৰিকৰী সহায়ৰ জৰিয়তে সাতাৰাৰ মহাবালেশ্বৰৰ সমীপৱৰ্তী মেধা অঞ্চলৰ এটা ফাৰ্মহাউচৰ পৰা আটক কৰে। শনিবাৰে নিশা তেওঁক মুম্বাইলৈ আনি গ্ৰেপ্তাৰ দেখুওৱা হয় আৰু ভাৰতীয় ন্যায় সংহিতা (BNS) ৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হয়।
আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছত আদালতে ১২ আগষ্টলৈকে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে, শাকিল নুৰানীৰ আইনী পৰামৰ্শদাতাই তেওঁৰ বিৰুদ্ধে অনা সকলো অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁক মিছাকৈ এই গোচৰত ফচোৱা হৈছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।