নতুন দিল্লী: হলিউডৰ জনপ্ৰিয় অভিনেতা টম হ’লেণ্ডৰ শেহতীয়া মাৰ্ভেল ছুপাৰহীৰো ছবি ‘স্পাইডাৰ-মেন ব্ৰেণ্ড নিউ ডে’’ (Spider-Man: Brand New Day) এ বক্স অফিচত ধুমুহা সৃষ্টি কৰিছে। মুক্তিৰ মাত্ৰ ৬ দিনৰ ভিতৰতে ছবিখনে ভাৰতীয় বক্স অফিচত এক ঐতিহাসিক মাইলষ্টোন স্পৰ্শ কৰিছে আৰু সমগ্ৰ বিশ্বতে ১ বিলিয়ন ডলাৰৰ (প্ৰায় ১০,৯২৫ কোটি টকা) আয়েৰে চাঞ্চল্য সৃষ্টি কৰিছে।

ণ্ডাষ্ট্ৰী ট্ৰেকাৰ ‘চনিল্ক’ (Sacnilk)ৰ তথ্য অনুসৰি, ছবিখনে ইয়াৰ মুক্তিৰ ষষ্ঠ দিনটোত (মঙলবাৰে) ভাৰতত প্ৰায় ২১.৫০ কোটি টকা নেট উপাৰ্জন কৰে। ইয়াৰ লগে লগে ভাৰতত ছবিখনৰ মুঠ নেট সংগ্ৰহ ৩,০৩.২৫ কোটি টকালৈ বৃদ্ধি পাইছে আৰু মুঠ গ্ৰছ সংগ্ৰহ ৩৬২.৬১ কোটি টকা স্পৰ্শ কৰিছে। ইয়াৰ দ্বাৰা ছবিখনে ভাৰতত ৩০০ কোটি টকাৰ ঘৰ অতিক্ৰম কৰা প্ৰথমশাৰীৰ হলিউড ছবিসমূহৰ ভিতৰত স্থান দখল কৰিছে।

বিশ্বজুৰি ১ বিলিয়ন ডলাৰৰ সংগ্ৰহ:

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ছবিখনে অভূতপূৰ্ব সাফল্য লাভ কৰিছে। মাত্ৰ ৬ দিনতে সমগ্ৰ বিশ্বত ১ বিলিয়ন ডলাৰ উপাৰ্জন কৰি এই সফলতা অৰ্জন কৰা ই বিশ্বৰ দ্বিতীয় দ্ৰুততম ছবি হিচাপে পৰিগণিত হৈছে। এই তালিকাত কেৱল ২০১৯ চনৰ মাৰ্ভেলৰ মেগা ব্লকবাষ্টাৰ ছবি ‘এভেঞ্জাৰ্ছ: এণ্ডগেম’ (Avengers: Endgame)-ৰ পিছতেই ইয়াৰ স্থান।

ভাষাভিত্তিক প্ৰদৰ্শন:

ভাৰতত ছবিখনে বিভিন্ন আঞ্চলিক ভাষাত দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। ষষ্ঠ দিনটোত ভাষাভিত্তিক উপাৰ্জনৰ পৰিসংখ্যা তলত দিয়া ধৰণৰ আছিল:

ইংৰাজী সংস্কৰণ: ১১.৫০ কোটি টকা

হিন্দী সংস্কৰণ: ৮ কোটি টকা (হিন্দী ভাষাত দৰ্শকৰ উপস্থিতি আছিল সৰ্বাধিক)

তামিল সংস্কৰণ: ১.২০ কোটি টকা

তেলেগু সংস্কৰণ: ৭৫ লাখ টকা

কন্নড় আৰু মালয়ালম সংস্কৰণ: ৫ লাখ টকা (সন্মিলিতভাৱে)

ডেষ্টিন ডেনিয়েল ক্ৰেটনৰ দ্বাৰা পরিচালিত এই ছবিখনত টম হ’লেণ্ডৰ লগতে জেন্দায়া, জেকব বেটলন, ছেডি ছিংক, জন বাৰ্ণথল আৰু মাৰ্ক ৰুফালোৰ দৰে জনপ্ৰিয় তাৰকাসকলে অভিনয় কৰিছে।

চলচ্চিত্ৰ বিশেষজ্ঞসকলৰ মতে, যেভাবে ছবিখনে সপ্তাহৰ কৰ্মদিনবোৰতো দৰ্শকক আকৰ্ষণ কৰি ৰাখিছে, ইয়াত স্পষ্ট যে অনাগত দিনসমূহত ছবিখনে বক্স অফিচত আৰু বহু নতুন ৰেকৰ্ড ভঙাৰ সম্ভাৱনা আছে।