জোনাই — শাওণ আহে কপালৰ ঘাম মাটিত পেলাই আশাৰ পথাৰখন জীপাল কৰিবলৈ। বৰষুণত তিতি আৰু ৰ’দত গা দহি হলেও শাওণৰ বুকুত নাঙলৰ সীৰলুৰে চহা কৃষকে ৰচি যায় জীৱনৰ সেউজীয়া সপোন।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এতিয়া জোনাইৰ খেতিপথাৰসমূহতো উশাহ ল’বলৈ সময় নাই কৃষিজীৱী লোকসকলৰ। ভৰ বাৰিষাৰ ৰূপালী টোপালবোৰৰ মাজতে সোণফলা মাটিত মুঠি-মুঠিকৈ ৰোৱা ভূঁইবোৰে জীয়াই থকাৰ সংগ্ৰামখনক নতুন আশাৰে সজীৱ কৰি তুলিছে। হালোৱাৰ হাঁহি আৰু ৰোৱনীৰ গীতত প্ৰাণ পাই উঠিছে জোনাইৰ শাওণী পথাৰ।

আধুনিক কৃষি যন্ত্ৰৰ ব্যাপক ব্যৱহাৰৰ সময়তো জোনাইৰ লাইদাংগুৰি গাঁৱত আজিও অক্ষুণ্ণ হৈ আছে অসমৰ পৰম্পৰাগত কৃষি সংস্কৃতি। গাঁওখনৰ ৰাজহুৱা কৃষিভূমিত এফালে ট্ৰেক্টৰৰ ব্যৱহাৰ আৰু আনফালে কেইবাযোৰাও গৰুৰে নাঙল চলাই বোকা কৰা পথাৰত গাঁৱৰ মহিলাই মিলি-জুলি ভূঁই ৰোৱাৰ এক ব্যতিক্ৰমী তথা উৎসৱমুখৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

১৯৮১ চনৰ পৰাই লাইদাংগুৰিত এই সমূহীয়া খেতিৰ পৰম্পৰা অব্যাহত আছে। গাঁওবাসীৰ পৰম্পৰাগত সামাজিক দায়বদ্ধতাৰ নিদৰ্শন হ’ল যে— এই ৰাজহুৱা কৃষিভূমিৰ পৰা উৎপাদিত ধান বিক্ৰীৰ সম্পূৰ্ণ ধন গাঁওখনৰ দৰিদ্ৰ পৰিয়ালৰ চিকিৎসা, আৰ্থিক সংকট নিৰাময় আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ খৰচত ব্যৱহাৰ কৰা হয়।

আধুনিকতাৰ জোৱাৰৰ মাজতো কেইবাদশক পুৰণি আদিম কৃষি পৰম্পৰাক জীয়াই ৰাখি জোনাইৰ লাইদাংগুৰিয়ে গ্ৰাম্য ঐক্য, সামাজিক সম্প্ৰীতি আৰু পাৰস্পৰিক সহযোগিতাৰ এক অনুপম নিদৰ্শন দাঙি ধৰিছে।