টেলিগ্ৰাম (Telegram) ব্যৱহাৰকাৰীসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ। বিশ্বৰ অন্যতম জনপ্ৰিয় মেছেজিং এপ্লিকেচন টেলিগ্ৰামক নিজৰ এপ ষ্টোৰৰ (App Store) পৰা কিছুদিনলৈ আঁতৰাই ৰাখিছিল প্ৰযুক্তি জায়ান্ট এপলে (Apple)। শিশুৰ যৌন শোষণ বা নিৰ্যাতন সম্পৰ্কীয় কঠোৰ নীতি উলংঘা কৰা সমল (Child Sexual Abuse Material) প্লেটফৰ্মখনত পোৱাৰ পিছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰকে ধৰি বিভিন্ন দেশৰ একাংশ ব্যৱহাৰকাৰীয়ে এপটো ডাউনলোড কৰাত সমস্যাৰ সন্মুখীন হৈছিল। অৱশ্যে, যিসকলৰ ফোনত ইতিমধ্যে এই এপটো ইনষ্টল কৰা আছিল, তেওঁলোকে আগৰ দৰেই ইয়াক ব্যৱহাৰ কৰিব পাৰিছিল।
এই সন্দৰ্ভত এপলৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে, "আমাৰ কঠোৰ নীতি উলংঘা কৰা কিছুমান আপত্তিজনক সমল ধৰা পৰাৰ পিছত আমি টেলিগ্ৰামক এপ ষ্টোৰৰ পৰা কিছু সময়ৰ বাবে আঁতৰাইছিলোঁ।" লগতে তেওঁলোকে কয় যে বিকাশকসকলে তৎক্ষণাৎ সেই আপত্তিজনক সমলসমূহ ডিলিট কৰাৰ লগতে ইয়াৰ সৈতে জড়িত ব্যৱহাৰকাৰীজনক ban (নিষিদ্ধ) কৰাৰ পিছত এপটো পুনৰ ষ্টোৰলৈ ঘূৰাই অনা হয়।
ইফালে, টেলিগ্ৰামৰ তৰফৰ পৰাও বিষয়টোত সঁহাৰি জনোৱা হৈছে। প্ৰতিষ্ঠানটোৰ মুখ্য়পাত্ৰই প্ৰকাশ কৰা মতে, এপলে এজন ব্যৱহাৰকাৰীৰ দ্বাৰা শ্বেয়াৰ কৰা আপত্তিজনক সমলৰ বিষয়ে অৱগত কৰাৰ লগে লগে সেই ব্যৱহাৰকাৰীজনক তৎক্ষণাত নিষিদ্ধ কৰা হৈছিল। টেলিগ্ৰামে জনোৱা মতে, চলিত বৰ্ষত এই পৰ্যন্ত এনেধৰণৰ সমলৰ সৈতে জড়িত ৩ লাখতকৈ অধিক গ্ৰুপ আৰু চেনেল ডিলিট কৰা হৈছে।
উল্লেখযোগ্য যে, টেলিগ্ৰামৰ সহ-প্ৰতিষ্ঠাপক তথা বিলিয়নেয়াৰ পাভেল ডুৰভ (Pavel Durov) বিগত সময়ছোৱাত সমল মডাৰেচন (Content Moderation) আৰু অন্যান্য আইনী বিতৰ্কৰ বাবে বিভিন্ন দেশত চৰ্চালৈ আহিছিল। এই শেহতীয়া ঘটনাই ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত সুৰক্ষা আৰু নীতি নিয়ম মানি চলাৰ ক্ষেত্ৰত থকা গুৰুত্বক পুনৰ এবাৰ প্ৰতিপন্ন কৰিছে।