ইছৰ’ৰ তৰফৰ পৰা সামাজিক মাধ্যম যোগে জানিবলৈ দিয়া মতে, উপগ্ৰহটো সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু ইয়াৰ সকলো যন্ত্ৰাংশই স্বাভাৱিকভাৱে কাম কৰি আছে।
কি কি সুবিধা লাভ কৰিব ভাৰতে?
EOS-05 হ’ল জিঅ’ষ্টেচনৰী কক্ষপথৰ পৰা কাৰ্যনিৰ্বাহ কৰিবলগীয়া ভাৰতৰ প্ৰথমটো উচ্চ ক্ষমতাসম্পন্ন ইমেজিং উপগ্ৰহ।
আৱহাৱা আৰু দুৰ্যোগ প্ৰশমন: ঘুৰ্ণীবতাহ, বানপানী, ডাৱৰ বিস্ফোৰণ কিম্বা বনজুইৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ তথ্য প্ৰতি ৩০ মিনিটৰ ব্যৱধানত উপগ্ৰহটোৱে প্ৰেৰণ কৰিব পাৰিব। কোনো বিশেষ জৰুৰী স্থানৰ ছবি মাত্ৰ ৫ মিনিটৰ অন্তৰে অন্তৰে সংগ্ৰহ কৰাৰ ক্ষমতাও ইয়াৰ আছে।
কৃষি আৰু প্ৰাকৃতিক সম্পদ: খেতি-বাতিৰ অৱস্থা, মহাকাশৰ পৰা পানীৰ উৎস পৰ্যবেক্ষণ আৰু ভৌগোলিক পৰিৱৰ্তনৰ সঠিক তথ্য সংগ্ৰহ কৰাত ই সহায় কৰিব।
দীৰ্ঘম্যাদী সেৱা: পূৰ্বে এই মিছনৰ আয়ুস ৭ বছৰ হ’ব বুলি অনুমান কৰা হৈছিল যদিও সফল উৎক্ষেপণ আৰু সঠিক কক্ষপথ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ কাৰ্যকৰী সময়সীমা ৯ বছৰতকৈও অধিক হৈ পৰিছে।
ইছৰ’ই জনায় যে অতি সোনকালে উপগ্ৰহটোৰ প্রাথমিক পৰীক্ষাসমূহ সম্পূৰ্ণ কৰি ইয়াৰ কেমেৰা আৰু কেমেৰা পে’লোডসমূহ সক্ৰিয় কৰা হ’ব, যাৰ পিছতে ই আনুষ্ঠানিকভাৱে দেশলৈ নিজৰ উচ্চমানৰ ছবিত আধাৰিত সেৱা প্ৰদান কৰা আৰম্ভ কৰিব।