কিয় এই সিদ্ধান্ত?চীনৰ মানৱ মহাকাশ সংস্থাই (China Manned Space Agency) এক সংক্ষিপ্ত বিবৃতিত প্ৰকাশ কৰা মতে, বৰ্তমানৰ পৰিস্থিতি নিৰ্ধাৰিত উৎক্ষেপণৰ চৰ্তৰ অনুকুল নহয়। সেয়েহে, পৰিকল্পিত সময়সূচী অনুসৰি এই বৰ্ষৰ নিৰ্ধাৰিত উইণ্ডো বা সময়সীমাৰ ভিতৰত অভিযানটি সম্পূৰ্ণ কৰা সম্ভৱ নহ'ব।
এক "বহুলীয়া মূল্যায়ন"ৰ পিছত প্ৰতিষ্ঠানখনে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়। বিশেষকৈ অভিযানৰ নিৰ্ভৰযোগ্যতা, প্ৰতিৰক্ষা তথা সম্পূৰ্ণ সফলতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি এই পদক্ষেপ লোৱা হৈছে বুলি কৰ্তৃপক্ষই স্পষ্ট কৰিছে। অৱশ্যে কি কাৰণত এই সিদ্ধান্ত ল'ব লগা হ'ল, সেই বিষয়ে তেওঁলোকে সবিশেষ প্ৰকাশ কৰা নাই।
অভিযানৰ মূল লক্ষ্য কি আছিল?
চীনৰ এই চন্দ্ৰ অভিযানটো আছিল তেওঁলোকৰ সফল চন্দ্ৰ অন্বেষণ কাৰ্যসূচীৰ সপ্তম ভাগ। ইয়াৰ মূল উদ্দেশ্যসমূহ আছিল: চন্দ্ৰৰ দক্ষিণ মেৰুৰ চিৰএন্ধাৰ আচ্ছন্ন গহ্বৰবোৰৰ সন্ধান চলোৱা। চন্দ্ৰৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত বিস্তৃত জৰীপ চলাওৱা। গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত ক্ষেত্ৰত নতুন সাফল্য অর্জন কৰা।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২৪ চনত চীনে 'চাং ই-৬' প্ৰে প্ৰেৰণ কৰিছিল, যিখনে চন্দ্ৰৰ দূৰৈৰ পিঠিৰ পৰা শিল আৰু মাটিৰ নমুনা সফলভাৱে পৃথিৱীলৈ উভতাই আনি বিশ্বৰ বুকুত এক ঐতিহাসিক ইতিহাস ৰচনা কৰিছিল। বৰ্তমান চাং ই-৭ স্থগিত হোৱাৰ ফলত চীনৰ এই নতুন চন্দ্ৰ অভিযানৰ বাবে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব।