নিউজ ডেস্ক: বৈদ্যুতিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টেস্লায়ে চীনত ইয়াৰ প্ৰায় ৩০ লাখ বাহন প্ৰত্যাহ্বান (Recall) কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জানিব পৰা মতে, বাহনসমূহৰ ডৰ হেণ্ডেল বা দুৱাৰ খোলাৰ ব্যৱস্থাত থকা সুৰক্ষাৰ বিসংগতিৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

চীনৰ ষ্টেট এডমিনিষ্ট্ৰেশ্যন ফৰ মাৰ্কেট ৰেগুলেচনৰ তথ্য অনুসৰি, এই প্ৰত্যাহ্বানৰ অধীনত মডেল ৩, মডেল ৱাই, মডেল এক্স আৰু মডেল এছৰ দৰে জনপ্ৰিয় মডেলসমূহ অন্তৰ্ভুক্ত হৈছে। প্ৰতিবেদনে উল্লেখ কৰা অনুসৰি, দুৰ্ঘটনাৰ দৰে চৰম পৰিস্থিতিত বাহনখনৰ বৈদ্যুতিক প্ৰণালী বিফল হ'লে এই 'হিডেন' বা লুকুৱাই থোৱা ডৰ হেণ্ডেলসমূহৰ বাবে যাত্ৰীসকলে বাহনৰ পৰা ওলাই অহাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আনকি বাহিৰৰ পৰা উদ্ধাৰকাৰীয়েও দুৱাৰ খোলাত বাধাৰ সন্মুখীন হ'ব পাৰে।

চীন চৰকাৰে শেহতীয়াকৈ এনে 'ফ্লাছ' বা হিডেন ডৰ হেণ্ডেলৰ ক্ষেত্ৰত কঠোৰ হৈছে। ২০২৭ চনৰ পৰা এনে ডিজাইনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিকল্পনাও ইতিমধ্যে প্ৰকাশ পাইছে। কোম্পানীটোৱে জনাইছে যে এই সুৰক্ষা জনিত সমস্যাসমূহ সমাধানৰ বাবে তেওঁলোকে সংশ্লিষ্ট বাহনসমূহৰ ছফ্টৱেৰ আপডেট কৰিব।

উল্লেখ্য যে কেৱল টেস্লায়েই নহয়, চীনৰ আন কেইবাটাও প্ৰতিষ্ঠানেও ইয়াৰ সৈতে জড়িত সমস্যাৰ বাবে নিজৰ বাহন প্ৰত্যাহ্বান কৰিছে। ইয়াৰ ভিতৰত শ্বাওমী (Xiaomi) আৰু লিপমটৰ (Leapmotor)ৰ দৰে কোম্পানীও আছে। বিশেষজ্ঞসকলৰ মতে, বৈদ্যুতিক বাহনৰ উদ্যোগত সুৰক্ষাক ডিজাইতকৈ বেছি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়, আৰু এই প্ৰত্যাহ্বান এক দায়িত্বশীল পদক্ষেপ।