এক সুৰীয়া অভিযান আৰু ৰক্তহীন সংগ্ৰাম
শ্বিলঙৰ গধূলিৰ প্ৰেমৰ ডাৱৰৰ পৰা মৰম বুটলি কামেং সীমান্তৰ ক'লা ধোঁৱাৰ মাজত ছটিওৱা, আজান ফকীৰৰ দৰগাহৰ পৰা মাৰ্ক টৱেইনৰ সমাধিলৈ সমন্বয়ৰ বাণী কঢ়িওৱা এইগৰাকী বিস্ময়কৰ প্ৰতিভাৰ গীতসমূহ কেৱল মনোৰঞ্জনৰ খোৰাক নাছিল; সেয়া আছিল এক সুৰীয়া অভিযান আৰু ৰক্তহীন সংগ্ৰাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা মেক্সিম গৰ্কীলৈ, সাতভনীৰ পৰম্পৰাৰ পৰা আফ্ৰিকাৰ জনগোষ্ঠীয় সংস্কৃতিলৈ— সকলোকে তেওঁ একতাৰ ডোলৰে বান্ধিব বিচাৰিছিল। পল ৰবছন আৰু মাও-চে-টুঙৰ সমাজবাদী আদৰ্শৰে উদ্বুদ্ধ হৈ গগনচুম্বী অট্টালিকাৰ চেঁচাত উশাহ ল'বলৈ কষ্ট পোৱা গৃহহীন সৰ্বহাৰাৰ বাবে তেওঁ গীতৰ মাধ্যমেৰে অধিকাৰৰ দাবী তুলিছিল।
গীতৰ কথাত বাস্তৱৰ একোখন বহুৰঙী ছৱি
ভূপেন হাজৰিকাৰ প্ৰতিটো গীততে আছিল প্ৰকৃতি, প্ৰেম, বিশ্বাস, ভাতৃত্ববোধ, শোষক আৰু শোষিতৰ সংঘাতৰ একোখন অমৰ ছবি। পঞ্চাশ-ষাঠিৰ দশকত তেওঁ সৃষ্টি কৰা গীতসমূহ আজিও সমানেই প্ৰাসংগিক। অতীতৰ অভিজ্ঞতাক সম্বল কৰি বৰ্তমান গঢ়া আৰু ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰাত তেওঁৰ গীতৰ দূৰদৰ্শিতা অনন্য।
সমাজবাদী বৈশিষ্ট্য আৰু ‘গণবিপ্লৱী’ ৰূপ
গীতৰ মাজেৰে এখন শ্ৰেণীহীন, বৰ্ণহীন আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ সপোন দেখা ড° হাজৰিকা আছিল এগৰাকী খাঁটী সমাজ পৰিৱৰ্তনৰ বাহক। মাও-চে-টুং বা চে গুৱেভাৰাৰ দৰে বিপ্লৱীসকলে যি সংগ্ৰামৰ পথ প্ৰদৰ্শন কৰিছিল, ভূপেন হাজৰিকাই শব্দ আৰু সুৰেৰে সেই একেই বৈপ্লৱিক আদৰ্শ প্ৰচাৰ কৰিছিল। সেয়ে তেওঁ কেৱল 'গণশিল্পী'য়েই নাছিল, তেওঁ আছিল এগৰাকী প্ৰকৃত 'গণবিপ্লৱী'।
স্বাৰ্থান্বেষী আৰু সুবিধাবাদীৰ বিৰুদ্ধে হুংকাৰ
সুধাকণ্ঠৰ প্ৰয়াণৰ দেৰ দশক অতিক্ৰম কৰাৰ পিছত আজি তেওঁক লৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত স্মৰণ সভা আৰু উৎসৱৰ ঢৌ উঠিছে। কিন্তু জীৱিত অৱস্থাত তেওঁক উচিত মূল্যায়ন নকৰি মৃত্যুৰ পিছত আৱেগত উথলি উঠা মানসিকতাক লৈও চিন্তাবিদসকলে প্ৰশ্ন তুলিছে। বৰ্তমান সময়ত বহুতে ভূপেন হাজৰিকাক এক ‘ট্ৰেড মাৰ্ক’ বা ব্যৱসায়িক সামগ্ৰী কৰিবলৈ চেষ্টা চলোৱাৰ বিপৰীতে, ভূপেনদাই নিজেই তেওঁৰ জীৱনকালত গীতৰ মাজেৰে এনে স্বাৰ্থান্বেষী আৰু সুবিধাবাদী চক্ৰৰ বিৰুদ্ধে কঠোৰ /বাৰ্তা দি গৈছিল।
আজিসমূহ অনুষ্ঠান আৰু আনুষ্ঠানিকতাৰ মাজত যদি আমি তেওঁৰ মানৱতাবাদী বাণী আৰু শোষণহীন সমাজ গঢ়াৰ সপোনক বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰোঁ, তেন্তে তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰাৰ নৈতিক অধিকাৰ আমাৰ নাথাকিব। তেওঁৰ গীতসমূহক কেৱল শ্ৰৱণৰ বাবে নাৰাখি সামাজিক সংস্কাৰ আৰু মানৱীয় প্ৰমূল্যবোধৰ আহিলা হিচাপে গ্ৰহণ কৰাটোহে হ’ব সুধাকণ্ঠলৈ জনোৱা প্ৰকৃত শ্ৰদ্ধাঞ্জলি।