নতুনদিল্লী: চিকিৎসা বিজ্ঞানৰ জগতখনত কেইবাখনো দুৰ্লভ ৰোগ আছে, যিবোৰে মানুহৰ জীৱনলৈ কঢ়ি আনে গভীৰ সংকট। এনে এক আজীৱন আৰু দুৰ্লভ বংশগত ৰোগ হৈছে নিউরোফাইব্রোমাটোজিছ টাইপ ১ (Neurofibromatosis Type 1 বা NF1)। এই ৰোগবিধ প্ৰধানকৈ মানুহৰ স্নায়ুতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায় আৰু শৰীৰৰ বিভিন্ন স্থানত টিউমাৰ সৃষ্টি কৰে।

বিশেষজ্ঞসকলৰ মতে, এই ৰোগ সাধাৰণতে জন্মগত বা জিনগত পৰিৱৰ্তনৰ ফলত হয়। আহক এই প্ৰতিবেদনৰ জৰিয়তে NF1 ৰোগৰ লক্ষণ, কাৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে বিশদভাৱে জানোৱা যাওক।

NF1 ৰোগ কি?

NF1 হৈছে এক জিনগত ব্যাধি, যিটো শৰীৰৰ ১৭ নম্বৰ ক্ৰ’ম’জ’মত থকা NF1 জিনৰ মিউটেচন বা পৰিৱৰ্তনৰ ফলত ঘূটে। এই জিনটোৱে সাধাৰণতে 'নিউৰোফাইব্ৰোমিন' নামৰ এটা প্ৰ’টিন তৈয়াৰ কৰে, যিয়ে শৰীৰৰ কোষবোৰৰ বৃদ্ধিক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কিন্তু যেতিয়া এই জিনটোত আসোঁৱাহ আহে, তেতিয়া শৰীৰত অনিয়মিতভাৱে টিউমাৰ বা গ্ৰন্থি বৃদ্ধি হ’বলৈ ধৰে।

প্ৰধান লক্ষণসমূহ

এই ৰোগৰ লক্ষণসমূহ ব্যক্তিভেদে ভিন্ন হ'ব পাৰে। প্ৰধান লক্ষণসমূহৰ ভিতৰত আছে:

ছালত দাগ: 

ছালত সাধাৰণতে কফিৰ ৰঙৰ দৰে মুগা দাগ (Café-au-lait spots) দেখা যায়।  

স্নায়ু টিউমাৰ (Neurofibromas): 

ছালৰ তলত বা ওপৰত অথবা শৰীৰৰ বিভিন্ন স্নায়ুত সৰু-বৰ অংকুৰ বা টিউমাৰ গঢ় লৈ উঠে।  হাড়ৰ আসোঁৱাহ: 

মেৰুদণ্ড বেঁকা হোৱা (Scorliosis) বা হাড়ৰ গঠন দুৰ্বল হৈ পৰা সমস্যা দেখা দিব পাৰে।  

শিকনৰ সমস্যা: 

বিশেষকৈ শিশুৰ ক্ষেত্ৰত পঢ়া-শুনাৰ প্ৰতি অনীহা, মনোযোগৰ অভাৱ বা বুদ্ধিমত্তাৰ বিকাশ লেহেমীয়া হোৱা দেখা যায়।  

কাৰণ আৰু নিদান

বিশেষজ্ঞসকলৰ মতে, এই ৰোগ পিতৃ-মাতৃৰ পৰা বংশগতোৱে আহিব পাৰে অথবা কোনো পূৰ্বৰ পৰিয়ালৰ ইতিহাস নোহোৱাকৈও স্বয়ংক্ৰিয়ভাৱে জিনগত পৰিৱৰ্তনৰ দ্বাৰা হ’ব পাৰে। তেজৰ পৰীক্ষা, জেনেটিক টেষ্টিং, এম.আৰ.আই. (MRI) আৰু চি.টি. স্কেন (CT Scan) আদিৰ জৰিয়তে এই ৰোগ নিৰ্ণয় কৰা হয়।  

চিকিৎসা পদ্ধতি

বৰ্তমানলৈকে এই ৰোগৰ সম্পূৰ্ণ নিৰাময়ৰ কোনো স্থিৰ উপায় নাই যদিও সঠিক চিকিৎসা আৰু নিয়মীয়া পৰীক্ষাৰ জৰিয়তে ৰোগীয়ে এক স্বাভাৱিক জীৱন কটাব পাৰে। লক্ষণ অনুসৰি অস্ত্ৰোপচাৰ (Surgery), ৰেডিঅ'থেৰাপি বা অন্যান্য চিকিৎসাৰ সাহায্য লোৱা হয়। ৰোগীৰ সঠিক যত্ন আৰু সজাগতাই এই ৰোগৰ জটিলতা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।