নতুন দিল্লী: স্মাৰ্টফোন বজাৰৰ বাবে এটা সুন্দৰ খবৰ। ২০২৬ বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত (Q2) বিশ্বজুৰি স্মাৰ্টফোনৰ ৰাজহ ৭ শতাংশ বৃদ্ধি পাই এক নতুন অভিলেখ সৃষ্টি কৰিছে। এক প্ৰতিবেদন অনুসৰি, এই ত্ৰৈমাসিকত বিশ্বৰ স্মাৰ্টফোনৰ মুঠ ৰাজহ ১০৯ বিলিয়ন ডলাৰ (প্ৰায় ১০,৯০০ কোটি ডলাৰ) স্পৰ্শ কৰিছে। স্মাৰ্টফোনৰ মূল্য বৃদ্ধি আৰু গ্ৰাহকসকলৰ মাজত প্ৰিমিয়াম বা দামী ফোনৰ ক্ৰমবৰ্ধমান চাহিদাই বজাৰৰ এই উত্থানত গুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
বিখ্যাত গৱেষণা প্ৰতিষ্ঠান 'কাউণ্টাৰপইণ্ট ৰিচাৰ্চ'ৰ (Counterpoint Research) প্ৰতিবেদনত প্ৰকাশ পাইছে যে চলিত বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকটো স্মাৰ্টফোন ইতিহাসৰ সৰ্বাধিক ৰাজহ অর্জনকাৰী ত্ৰৈমাসিক হিচাপে পৰিগণিত হৈছে। এই সময়ছোৱাত স্মাৰ্টফোনৰ গড় বিক্ৰীমূল্য (ASPs) ১৭ শতাংশ বৃদ্ধি হৈ অভিলেখ সংখ্যক ৪০০ ডলাৰ হৈছে।
মূল্য বৃদ্ধি আৰু মেম’ৰীৰ খৰচ
বজাৰ বিশেষজ্ঞসকলৰ মতে, স্মাৰ্টফোন নিৰ্মাতা কোম্পানীসমূহে এতিয়া কেৱল ফোনৰ বিক্ৰীৰ সংখ্যা বৃদ্ধি কৰাতকৈ অধিক লাভালাভ বা মূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ফোন তৈৰী কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী, বিশেষকৈ মেম’ৰীৰ দাম বৃদ্ধি পোৱাৰ ফলত নিৰ্মাতা কোম্পানীসমূহৰ লাভৰ অংকত হে পৰিছিল। এই অতিৰিক্ত খৰচৰ বোজা গ্ৰাহকৰ ওপৰত পেলাই এণ্ড্ৰইড স্মাৰ্টফোন নিৰ্মাতাসকলে বিভিন্ন ম’ডেলৰ দাম বৃদ্ধি কৰিছে। ইয়াৰোপৰি, গ্ৰাহকক আকৰ্ষণ কৰিবলৈ কিস্তিৰ সুবিধা (EMI) আৰু পুৰণি ফোন সলনিৰ (Trade-in) ব্যৱস্থাও গঢ়ি তোলা হৈছে।
অ্যাপলৰ উত্থান আৰু বজাৰ দখল
প্ৰধান ব্ৰেণ্ডসমূহৰ ভিতৰত অ্যাপল (Apple) কোম্পানীয়ে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছে। এই ত্ৰৈমাসিকত অ্যাপলৰ ৰাজহ ২২ শতাংশ বৃদ্ধি পাইছে আৰু বিশ্বৰ স্মাৰ্টফোনৰ ৰাজহ বজাৰৰ ৪৯ শতাংশ দখল কৰি এক ঐতিহাসিক মাইলৰখুঁটি স্পৰ্শ কৰিছে। আইফোন ১৭ ছিৰিজৰ (iPhone 17 series) শক্তিশালী চাহিদা আৰু বিক্ৰী ১৩ শতাংশ বৃদ্ধি পোৱাৰ ফলত অ্যাপল এই সফলতা লাভ কৰিবলৈ সক্ষম হয়।
আনহাতে, চেমছাং (Samsung) ১৬ শতাংশ ৰাজহ অংশীদাৰিত্বৰে দ্বিতীয় স্থানত আছে। চেমছাঙৰ গেলেক্সি এ-ছিৰিজ (Galaxy A-series) আৰু ফ্লেগশ্বিপ ফোনসমূহৰ গ্ৰাহকৰ মাজত যথেষ্ট চাহিদা দেখা গৈছে। অৱশ্যে, শাওমি (Xiaomi), অ’প্পো (OPPO) আৰু ভিভো (vivo)-ৰ দৰে অন্যান্য আগশাৰীৰ এণ্ড্ৰইড ব্ৰেণ্ডসমূহৰ বিক্ৰী আৰু ৰাজহ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।
ভবিষ্যতেও মেম’ৰীৰ অভাৱ আৰু সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰৱণতা অব্যাহত থকাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত স্মাৰ্টফোন নিৰ্মাতা কোম্পানীসমূহে আগন্তুক দিনত মূল্য আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।