ভাৰতবৰ্ষত কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু কোৱাণ্টাম প্ৰযুক্তিৰ দ্ৰুত বিস্তাৰৰ মাজতে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT) দিল্লীয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ভ’বিষ্যৎ প্ৰযুক্তিৰ প্ৰয়োজনীয়তা পূৰণ আৰু গৱেষণাৰ ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠানটোৱে এক সুকীয়া 'কৃত্ৰিম বুদ্ধিমত্তা স্কুল' (AI School) মুকলি কৰিছে।  

আইআইটি দিল্লীৰ সঞ্চালক অধ্যাপক ৰংগণ বেনাৰ্জীয়ে প্ৰকাশ কৰা মতে, কম্পিউটিং ব্যৱস্থাক অধিক সুৰক্ষিত আৰু সুচল কৰি তোলাৰ বাবে তেওঁলোকে বৰ্তমান এআই আৰু কোৱাণ্টাম প্ৰযুক্তি— এই দুয়োটা দিশতে একাণ্টিগীয়াভাৱে কাম কৰি আছে। তেওঁ কয়, "বৰ্তমান কোৱাণ্টাম পেকেজ, কোৱাণ্টাম যোগাযোগ আৰু কোৱাণ্টাম সঁজুলিৰ ওপৰত গৱেষণা চলি আছে। এআই আৰু কোৱাণ্টাম প্ৰযুক্তিৰ এই যুগত কম্পিউটিং ব্যৱস্থাক সুৰক্ষিত তথা কাৰ্যকৰী কৰি তুলিবলৈ এই নতুন প্ৰযুক্তি আৰু গৱেষণা অপৰিহাৰ্য।"  

অধীক্ষকগৰাকীয়ে লগতে উল্লেখ কৰে যে আইআইটি দিল্লী 'ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছন' (National Quantum Mission)-ৰো এক অংশ। এই মিছনৰ অধীনত দেশৰ বিভিন্ন প্ৰতিষ্ঠানত কোৱাণ্টাম প্ৰযুক্তিৰ বিকাশৰ বাবে গৱেষণা অব্যাহত আছে। মাত্ৰ এটা সাধাৰণ বিষয় হিচাপে পঢ়োৱাৰ সলনি এআইৰ বিভিন্ন দিশত বৃহৎ পৰিসৰৰ গৱেষণা চলোৱাৰ লক্ষ্য লৈ এই বিশেষ এআই স্কুলখনে গৱেষণা আৰু শিক্ষাখণ্ডক আগুৱাই লৈ যাব।  

কমিউটিং, শিক্ষা, স্বাস্থ্যসেৱা, উদ্যোগ আৰু যোগাযোগৰ দৰে প্ৰতিটো খণ্ডতে এআইৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে এই ক্ষেত্ৰত বিশেষজ্ঞৰ চাহিদাও ক্ৰমাগতভাৱে বাঢ়িছে। এই বিশেষ প্ৰয়োজনীয়তাৰ কথা মাথায়েই আইআইটি দিল্লীৰ এআই স্কুলে গৱেষণা আৰু শিক্ষা আগবঢ়াই নিবলৈ কাম কৰি আছে বুলি তেওঁ মত প্ৰকাশ কৰে।

প্ৰযুক্তিৰ ক্ষেত্ৰখনত নিতৌ নতুন মডেল, পদ্ধতি আৰু ব্যৱহাৰ আহি থকাৰ বাবে নিৰন্তৰ গৱেষণা অত্যন্ত গুৰুত্বপূৰ্ণ বুলিও তেওঁ জনায়। এই বিশেষ এআই স্কুলখনে ছাত্ৰ-ছাত্ৰীসকলক এই ক্ষেত্ৰত পঢ়া-শুনা আৰু গৱেষণা কৰাৰ বহল সুযোগ প্ৰদান কৰিব। ভ’বিষ্যৎ প্ৰযুক্তিৰ চাহিদাৰ সৈতে খাপ খুৱাই ছাত্ৰসকলক গঢ়ি তোলাৰ বাবে প্ৰতিষ্ঠানটোৱে নতুন শৈক্ষিক কাৰ্যসূচীও হাতত লৈছে।