নতুনদিল্লী: দেশজুৰি ক্ৰমাৎ বৃদ্ধি পাইছে ডেংগূৰ সন্ত্ৰাস। চৰকাৰী তথ্য অনুসৰি বিগত তিনিটা বছৰত (২০২৩ৰ পৰা ২০২৫ চনলৈ) দেশৰ ৫ খন ৰাজ্যত ডেংগূৰ সংক্ৰমণ সৰ্বাধিক পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইটিভি ভাৰতে তথ্য জনাৰ অধিকাৰ আইন (RTI) জৰিয়তে লাভ কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মাহেকীয়া তথ্যত এই গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহিছে।

তথ্য অনুসৰি, তামিলনাডু, কৰ্ণাটক, মহাৰষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু কেৰালাত ডেংগূৰ বোজা আটাইতকৈ বেছি। ইয়াৰ বিপৰীতে নাগালেণ্ড, মেঘালয়, ছিকিম, অৰুণাচল প্ৰদেশ আৰু গোৱাত ডেংগূৰ প্ৰভাৱ অতি নগণ্য বুলি চিহ্নিত হৈছে।
ৰাজ্যভিত্তিক সংক্ৰমণৰ চিত্ৰ:
তামিলনাডু: ৰাজ্যখনত ২০২৩ চনত ৬,৫২৯ টা সংক্ৰমণ আৰু ১২ টা মৃত্যু, ২০২৪ চনত ২২,৮৯২ টা সংক্ৰমণ আৰু ১০ টা মৃত্যু, আৰু ২০২৫ চনত ১৫,৯৯২ টা সংক্ৰমণ আৰু ৮ টা মৃত্যু ৰেকৰ্ড কৰা হৈছে। প্ৰতিবছৰে জুলাই মাহৰ পৰা সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পাই নৱেম্বৰ-ডিচেম্বৰত শীৰ্ষত উপনীত হয়।
কৰ্ণাটক: কৰ্ণাটকত ২০২৩ চনত ১৭,৪৯৫ টা (১১ জন মৃত), ২০২৪ চনত ২৮,৮৩৯ টা (২৭ জন মৃত) আৰু ২০২৫ চনত ৫,৭০২ টা আক্ৰান্তৰ ঘটনা পঞ্জীয়ন হৈছে। জুলাই আৰু ডিচেম্বৰ মাহত ইয়াত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক বৃদ্ধি পায়।
মহাৰষ্ট্ৰ: মহাৰষ্ট্ৰত ২০২৩ চনত ১৭,৭৯৭ জন (৫৪ জন মৃত), ২০২৪ চনত ১৭,২৫৯ জন (৩০ জন মৃত) আৰু ২০২৫ চনত ১২,৩৪৮ জন (২৪ জন মৃত) লোক ডেংগূৱে আক্ৰান্ত কৰিছিল। প্ৰতিবছৰে ছেপ্টেম্বৰ মাহত ইয়াত সংক্ৰমণ শিখৰত উঠে।
উত্তৰ প্ৰদেশ: ৰাজ্যখনত ২০২৩ চনত ৩৫,১৬৯ টা আক্ৰান্তৰ বিপৰীতে ৩৬ জন, ২০২৪ চনত ১৫,৬০৪ টা (৯ জন মৃত) আৰু ২০২৫ চনত ৮,৭০৭ টা (৩ জন মৃত) ৰোগী চিনাক্ত হৈছে। প্ৰতিবছৰে অক্টোবৰ মাহত উত্তৰ প্ৰদেশত ডেংগূৰ সংক্ৰমণ ভয়াবহ ৰূপ লয়।
কেৰালা: কেৰালাত ২০২৩ চনত ১৫,৬০৫ টা সংক্ৰমণৰ বিপৰীতে ১৪৩ জন, ২০২৪ চনত ১৪,৮২৪ টা (৭০ জন মৃত) আৰু ২০২৫ চনত ৭,৫৮৪ টা (৪৬ জন মৃত) লোকৰ মৃত্যু হৈছে। আন ৰাজ্যৰ তুলনাত আক্ৰান্তৰ সংখ্যা কম হ'লেও কেৰালাত সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে উচ্চ হৈ থকা দেখা গৈছে।
কম প্ৰভাৱিত ৰাজ্যসমূহ:
তথ্য অনুসৰি, নাগালেণ্ড, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মতো উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ডেংগূৰ ৰোগীৰ সংখ্যা অতি কম আছিল আৰু বেছিভাগ বছৰতে কোনো মৃত্যুৰ খবৰ অহা নাই। স্বাস্থ্য বিশেষজ্ঞসকলে বাৰিষাৰ সময়ত মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ আৰু জনসাধাৰণক সজাগ কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।