নতুন দিল্লী :দেশৰ মহাকাশ খণ্ডত বেচৰকাৰী খণ্ডৰ অংশগ্ৰহণ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পথ প্ৰশস্ত হৈছে। সংসদত চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান দেশত প্ৰায় ৪৪০ টা মহাকাশ প্ৰযুক্তিৰ ষ্টাৰ্টআপ (Space Technology Startups) পঞ্জীয়নভুক্ত হৈছে। ইয়াৰ পাশাপাশি, আগন্তুক দুটা বৰ্ষত ভাৰতীয় বেচৰকাৰী মহাকাশ কোম্পানীসমূহে আঠটাতকৈ অধিক বাণিজ্যিক ৰকেট উৎক্ষেপণ কৰাৰ সম্ভাৱনা আছে।

ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্র সিঙে কয় যে, DPIIT (Department for Promotion of Industry and Internal Trade) ৰ 'ষ্টাৰ্টআপ ইণ্ডিয়া' প'ৰ্টেলত প্ৰায় ৪৪০ টা স্পেচ টেক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতীয় জাতীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰই (IN-SPACe) মুঠ ৫২ টা বেচৰকাৰী প্ৰতিষ্ঠানক (NGEs) বিভিন্ন মহাকাশ কাৰ্যকলাপ পৰিচালনা কৰিবলৈ ১১৩ টা অনুমোদন প্ৰদান কৰিছে। ইয়াৰ ভিতৰত ১৮ টাই হৈছে অগ্ৰণী ষ্টাৰ্টআপ, যাৰ তালিকাত আছে— এগ্নিকুল কস্মছ (Agnikul Cosmos), বেলেত্ৰিক্স এৰোস্পেচ (Bellatrix Aerospace), ধ্ৰুৱ স্পেচ (Dhruva Space), দিগন্তৰা ৰিচাৰ্চ এণ্ড টেকনোলজীজ, গ্লেক্সআই স্পেচ ছলিউশ্যনছ, মানাষ্টু স্পেচ টেকনোলজীজ, পিক্সেল স্পেচ ইণ্ডিয়া, স্কাইৰুট এৰোস্পেচ আৰু স্পেচ কিডজ ইণ্ডিয়া।

আনহাতে, অনুমোদন লাভ কৰা অন্যান্য ষ্টাৰ্টআপসমূহৰ ভিতৰত আছে— অক্ষথ এৰোস্পেচ, আজিষ্টা বিএছটি, কস্মোচাৰ্ভ স্পেচ ইণ্ডিয়া, হেক্স২০ লেবছ ইণ্ডিয়া, ইনৰবিট স্পেচ টেলিযোগাযোগ, এনস্পেচ টেক ইণ্ডিয়া, অৰ্বিটএইড এৰোস্পেচ, পিয়েৰচাইট স্পেচ আৰু টেকমিটুস্পেচ টেকনোলজীজ।

ইছৰোৰ আন্তঃগঠন ব্যৱহাৰৰ সুবিধা:
চৰকাৰে জনোৱা মতে, শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেড (Launch Pads) ধৰি ইছৰোৰ (ISRO) অন্যান্য আন্তঃগঠন ব্যৱহাৰৰ বাবে অহা আবেদনসমূহ এক নিৰ্দিষ্ট নিয়মীয়া কাৰ্যপ্ৰণালীৰ (SOP) জৰিয়তে প্ৰক্ৰিয়াকৰণ কৰা হয়। IN-SPACe ৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে লাভ কৰা আবেদনসমূহ বিশেষজ্ঞ কমিটিয়ে পৰীক্ষা কৰি অনুমোদন আগবঢ়ায়।

আগাৰী বাণিজ্যিক ৰকেট উৎক্ষেপণৰ পৰিকল্পনা:
বেচৰকাৰী কোম্পানীসমূহৰ দ্বাৰা বাণিজ্যিক ৰকেট উৎক্ষেপণৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে বিত্তীয় বৰ্ষ ২০২৬-২৭ ত দুটা উৎক্ষেপণৰ প্ৰস্তাৱ দিয়া হৈছে। ইফালে, ২০২৭-২৮ বিত্তীয় বৰ্ষৰ বাবে উৎক্ষেপণৰ তালিকা এতিয়াও IN-SPACe দ্বাৰ উপান্ত অনুমোদন পাবলৈ বাকী আছে যদিও এই সময়ছোৱাত ভাৰতীয় বেচৰকাৰী কোম্পানীসমূহৰ দ্বাৰা ছটাতকৈ অধিক উৎক্ষেপণ হ’ব বুলি আশা কৰা হৈছে।

মহাকাশ খণ্ডত উপগ্ৰহ নিৰ্মাণ, উৎক্ষেপণ সেৱা আৰু আনুষঙ্গিক প্ৰযুক্তিৰ ক্ষেত্রত ষ্টাৰ্টআপ তথা বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ এই বৰ্ধিত অংশগ্ৰহণে ভাৰতক বিশ্বৰ এক অন্যতম প্ৰধান মহাকাশ শক্তিত পৰিণত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।