বেংগালুৰু: অনলাইন ই-কমাৰ্চ প্লেটফৰ্মসমূহত বিষাক্ত ধতুৰা (Dhatura) ফল আৰু বীজ খাদ্য বস্তু হিচাপে বিক্ৰী কৰাৰ অভিযোগত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে। ৰাজ্যখনৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে আমাজন (Amazon), স্বীগী ইনষ্টামিট (Swiggy Instamart) আৰু বিগবেস্কেট (BigBasket)-ৰ খাদ্য অনুজ্ঞাপত্ৰ (Food Licences) অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে।
জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনা এই বিষাক্ত উদ্ভিদবিধ অনলাইনযোগে খাদ্য বা মানৱ উপযোগ সামগ্ৰী হিচাপে বিক্ৰী, প্ৰদৰ্শন বা বিতৰণ কৰা কাৰ্যক ২০০৬ চনৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড আইনৰ উলংঘা বুলি গণ্য কৰা হৈছে।
কি কি নিৰ্দেশনা জাৰি কৰা হৈছে?
বিজ্ঞাপন আৰু তালিকা প্ৰত্যাহাৰ: সংশ্লিষ্ট ই-কমাৰ্চ প্লেটফৰ্মসমূহক ধতুৰা লগত জড়িত সকলো অনলাইন তালিকা (Listings), বিজ্ঞাপন আৰু প্ৰচাৰমূলক সামগ্ৰী তৎক্ষণাৎ আঁতৰাবলৈ নির্দেশ দিয়া হৈছে।
যোগানকাৰীৰ বিৰুদ্ধেও ব্যৱস্থা: এই প্লেটফৰ্মসমূহক ধতুৰা যোগান ধোৱা বিক্রেতা আৰু প্ৰতিষ্ঠানসমূহৰ অনুজ্ঞাপত্ৰও তৎক্ষণাৎ বাতিল কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।
কোম্পানীৰ প্ৰতিক্ৰিয়া: শেহতীয়া এক শুনানিত আমাজনে কোনো উত্তৰ দাখিল নকৰাৰ বিপৰীতে স্বীগী ইনষ্টামিতে অতিৰিক্ত সময় বিচাৰে। ইফালে বিগবেস্কেটখনে ধতুৰা বিক্ৰী বন্ধ কৰা বুলি জনাই সামগ্ৰীৰ লেবেলত "মানুহৰ খোৱাৰ বাবে অনুপযুক্ত" (Not for human consumption) বুলি লিখাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু এই উত্তৰত সন্তুষ্ট নহৈ খাদ্য সুৰক্ষা বিভাগে অনুজ্ঞাপত্ৰ স্থগিত ৰখাৰ সিদ্ধান্ত অব্যাহত ৰাখে।
ধতুৰা কিয় বিপজ্জনক?
ধতুৰাক সাধাৰণতে ইংৰাজীত 'থৰ্ণ এপল' (Thorn Apple) বুলি কোৱা হয়। যদিও ধতুৰা পূজা-পাৱৰণ বা কিছুমান পৰম্পৰাগত আয়ুৰ্বেদ ঔষধত ব্যৱহাৰ কৰা হয়, ইয়াৰ ফল, বীজ আদি অতিশয় বিষাক্ত। বিশেষজ্ঞসকলৰ মতে, পৰিষ্কাৰ নকৰাকৈ বা ভুলবশত ইয়াৰ সেৱনে মানুহৰ স্নায়ুতন্ত্ৰত মাৰাত্মক প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত মানুহ কোমা বা মৃত্যু মুখত পৰিব পাৰে। সামাজিক মাধ্যমত এটা ভাইৰেল অভিযোগৰ পিছতে এই সমগ্ৰ কেলেংকাউৰি পোহৰলৈ আহে, য'ত ইনষ্টামিটৰ জৰিয়তে অৰ্ডাৰ কৰা খাদ্যৰ লগত বিনামূলীয়াকৈ ধতুৰা ফল প্ৰদান কৰা হৈছিল।