পানীৰ বটলত ৭ টকা বেছিকৈ লৈ ৭ লাখ টকাৰ জৰিমনা ভৰিলে দোকানমানে! গ্ৰাহক আদালতৰ ডাঙৰ ৰায়
বিশেষ সংবাদ: সামান্য ৭ টকাৰ লোভত পৰি এতিয়া ৭ লাখ টকাৰ বিশাল জৰিমনা ভৰিবলগীয়া হ’ল এজন দোকানদাৰে।
তথ্য অনুসৰি, চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত পিঠাপুৰমৰ বাসিন্দা ডি. ভেংকটেশ্বৰ ৰাও নামৰ এজন ব্যক্তিয়ে অন্নবৰমৰ সত্যগিৰি পাহাৰত থকা 'সত্যদেৱ ফেঞ্চী এণ্ড কুল ড্ৰিংকছ' নামৰ দোকানখনৰ পৰা এটা খোৱাপানীৰ বটল ক্ৰয় কৰিছিল। পানীৰ বটলটোত এম আৰ পি (MRP) ১৮ টকা লিখা আছিল যদিও দোকানদাৰজনে তেওঁৰ পৰা ২৫ টকা সংগ্ৰহ কৰে।
যেতিয়া গ্ৰাহকজনে ১৮ টকাৰ বটলটোত কিয় ২৫ টকা লোৱা হৈছে বুলি প্ৰশ্ন কৰে, তেতিয়া দোকানদাৰজনে কোনো সঠিক উত্তৰ নিদিলে। ইয়াৰ পাছত ভেংকটেশ্বৰ ৰাৱে হোৱাটছএপৰ জৰিয়তে মন্দিৰ কৰ্তৃপক্ষক সমগ্ৰ বিষয়টো অৱগত কৰে যদিও প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।
উপায়হীন হৈ গ্ৰাহকজনে গ্ৰাহক সুৰক্ষাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ কাকিনাদা জিলা গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগত (District Consumer Disputes Redressal Commission) এক গোচৰ তৰিলে।
উভয় পক্ষৰ যুক্তি আৰু দাখিল কৰা প্ৰমাণসমূহ পৰীক্ষা কৰাৰ পাছত জিলা গ্ৰাহক বিবাদ নিষ্পত্তি আদালতে স্পষ্ট কৰে যে দোকানদাৰজনে অবৈধভাৱে গ্ৰাহকজনৰ পৰা ৭ টকা অতিৰিক্তভাৱে সংগ্ৰহ কৰিছিল। আদালতৰ সভাপতি চি.এইচ. ৰঘুপতি বসন্ত কুমাৰ আৰু সদস্যসকলৰ পেনেলে দোকানদাৰজনক দোষী সাব্যস্ত কৰে।
আদালতে ৰায় দিয়ে যে দোকানদাৰজনে গ্ৰাহকজনক মানসিক হাৰাশাস্তিৰ ক্ষতিপূৰণ হিচাপে ১০,০০০ টকা আৰু আইনী খৰচ হিচাপে ৫,০০০ টকা প্ৰদান কৰিব লাগিব।
আদালতে দোকানদাৰজনক এই সমগ্ৰ ধন ৰায় ঘোষণাৰ দিনৰ পৰা নির্দিষ্ট সময়সীমাৰ ভিতৰত পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।