ৰেপিড’ পৰিচালনাকাৰী প্ৰতিষ্ঠান ‘ৰ’পেন ট্ৰেন্সপ’ৰ্টেশ্যন চাৰ্ভিচেজ প্ৰাইভেট লিমিটেড’ই প্ৰকাশ কৰা মতে, এই অনুজ্ঞাপত্ৰখন ‘কৰ্ণাটক অন-ডিমাণ্ড ট্ৰেন্সপ’ৰ্টেশ্যন টেকনোলজি এগ্ৰিগেটৰ্ছ ৰুলজ, ২০১৬’ৰ অধীনত প্ৰদান কৰা হৈছে। প্ৰতিষ্ঠানটোৰ মতে, এই অনুজ্ঞাপত্ৰই কেৱল চালক (কেপ্টেইন) আৰু যাত্ৰীসকলক সুৰক্ষিত সেৱাৰ ধাৰাবাহিকতাই প্ৰদান নকৰিব, বৰঞ্চ ৰাজ্যখনৰ বৰ্তমানৰ নিয়মৰ মজিয়াত কেব সেৱাৰ পৰিসৰ বৃদ্ধি কৰাতো সহায় কৰিব।
বৰ্তমান কৰ্ণাটকৰ ২১ খন চহৰত সফলভাৱে কেব সেৱা চলাই আছে ৰেপিড’ৱে। প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি, বৰ্তমান ৰাজ্যখনত ৩.১৪ লাখতকৈ অধিক চালক বা কেপ্টেইনে কাম কৰি আছে আৰু ২.০৪ কোটিৰো অধিক পঞ্জীয়নভুক্ত গ্ৰাহক আছে। ইয়াৰ উপৰি, ৰাজ্যখনৰ প্ৰায় ৬৯ লাখৰো অধিক গ্ৰাহকে ইতিমধ্যে এই প্লেটফৰ্মৰ জৰিয়তে কেব যাত্ৰা গ্ৰহণ কৰিছে।
এই নতুন অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত কৰ্ণাটকৰ চহৰীয়া পৰিবহণ ব্যৱস্থাত সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু প্ৰযুক্তিভিত্তিক যাত্ৰা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ৰেপিড’ৰ ভূমিকা অধিক শক্তিশালী হ’ব। ইয়াৰ পাশাপাশি, কৰ্ণাটক চৰকাৰৰ দ্বাৰা ঘোষিত ‘আৰ্বান ম’বিলিটি মিছন’তো (Urban Mobility Mission) ৰেপিড’ক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে যাত্ৰীৰ সুবিধা, চহৰীয়া ভ্ৰমণ পৰিকল্পনা, প্ৰযুক্তিৰ আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা আদি দিশত চৰকাৰৰ সৈতে একত্রিত হৈ কাম কৰিব।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰেপিড’ৰ সহ-প্ৰতিষ্ঠাপক পৱন (Pavan Guntupalli) কয়, “কৰ্ণাটক আমাৰ ঘৰুৱা ৰাজ্য আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বজাৰসমূহৰ ভিতৰত অন্যতম। বিগত কেইবছৰমানত ৰেপিড’ ৰাজ্যখনৰ কোটি কোটি গ্ৰাহকৰ বাবে এক বিশ্বাসযোগ্য ম’বিলিটি প্লেটফৰ্ম হৈ পৰাৰ লগতে লাখ লাখ চালকৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰিছে।” তেওঁ লগতে কয় যে স্পষ্ট আৰু পূৰ্বানুমানযোগ্য নিয়মে যাত্ৰী, চালক, প্ৰতিষ্ঠান আৰু চৰকাৰ— সকলোৰে বাবে কল্যাণকামী হৈ পৰে। প্ৰতিষ্ঠানটোৱে সদায় ৰাজ্যখনৰ সকলো নিয়ম মানি চলি গ্ৰাহকৰ সুৰক্ষা আৰু চালকসকলৰ উপাৰ্জনৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব।
উল্লেখ্য যে, বেংগালুৰুৰ উপৰিও মাইছুৰু, মাংগালুৰু, হুবলী-ধাৰৱাদ, বেলাগাৱী, ডাৱণগেৰে, শিৱমোগা, বটাৰী, কালবুৰগী আৰু তুমাকুৰু আদি প্ৰধান চহৰসমূহত নিজৰ সেৱা সম্প্ৰসাৰিত কৰিছে ৰেপিড’ৱে।