গুৱাহাটী: অসমৰ কৃষি খণ্ডত এতিয়া নতুন সম্ভাৱনাৰ সূচনা হৈছে মাখানা (Fox Nut) খেতিৰ জৰিয়তে। ৰাজ্যখনৰ প্ৰচুৰ পানী আৰু অনুকূল জলবায়ুক কামত লগাই কৃষকসকলৰ আয় বহুমুখী কৰাৰ বাবে বিশেষ তৎপৰতা চলাইছে ৰাজ্যৰ কৃষি তথা জলসম্পদ বিভাগসমূহে। এই কাৰ্যসূচীৰ অংশস্বৰূপে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাই কামৰূপ (মহানগৰ) জিলাৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি মাখানা খেতি আৰু ইয়াৰ প্ৰসংস্কৰণ ব্যৱস্থাৰ বুজ লয়।

বিধায়ক ড° তপান কুমাৰ গগৈক লগত লৈ মন্ত্ৰী পীযুষ হাজৰীকাই টোপাতলীৰ বামোৰত অৱস্থিত ‘অসম মাখানা উদ্যোগ’ পৰিদৰ্শন কৰে। উদ্যোগটোত মাখানা কেনেদৰে সংগ্ৰহ, প্ৰসংস্কৰণ (Processing) আৰু মূল্য সংযোজন (Value Addition) কৰা হয়, সেই সমগ্ৰ প্ৰক্ৰিয়া মন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰে।

ইচ্ছা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ পানী আৰু জলাশয় মাখানা খেতিৰ বাবে অত্যন্ত উপযোগী। আমাৰ কৃষকসকলে মাখানা উৎপাদনেৰে নিজৰ আৰ্থিক ভেটি মজবুত কৰিব পাৰিব। ইয়াৰ বাবে চৰকাৰে আধুনিক প্ৰযুক্তি, সংৰক্ষণ আৰু বজাৰ সংযোগৰ সম্পূৰ্ণ সহায় আগবঢ়াব।"

ইয়াৰ পিছতেই মন্ত্ৰী হাজৰীকাই দুৰুং অঞ্চললৈ গৈ প্ৰত্যক্ষভাৱে মাখানা খেতি পথাৰ পৰিদৰ্শন কৰে। তাত উপস্থিত স্থানীয় কৃষকসকলৰ সৈতে ভাব-বিনিময় কৰি খেতিৰ সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যা, চাহিদা আৰু অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ আলোচনা কৰে।

কৃষি বিভাগৰ তথ্য অনুসৰি, মীন পালনৰ সৈতে সংগতি ৰাখি অথবা পুখুৰী আৰু বিলসমূহত মাখানা খেতি কৰি প্ৰতি বিঘাত অতিৰিক্ত ৪০,০০০ ৰ পৰা ৫০,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰাৰ থল আছে। ৰাজ্যৰ প্ৰায় ১,০০০ টা বিলত এই খেতি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। অহা ফেব্ৰুৱাৰী মাহৰ পৰাই কৃষকসকলক মাখানাৰ বীজ যোগান ধৰা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

মাখানাৰ গুণাগুণ আৰু গোলকীয় বজাৰত ইয়াৰ ক্ৰমবৰ্ধমান চাহিদালৈ লক্ষ্য ৰাখি, অসমক অতি সোনকালে মাখানা উৎপাদনৰ এক অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰখা হৈছে, যিয়ে অসমৰ গ্ৰামীণ অৰ্থনীতিমলৈ আনিব এক অভূতপূৰ্ব পৰিৱৰ্তন।