কৃত্রিম বুদ্ধিমত্তা বা এআই (Artificial Intelligence) খণ্ডৰ নেতৃত্ব ল’বলৈ চলি থকা বিশ্বজোৰা প্ৰতিযোগিতাৰ মাজতে ছ’চিয়েল মিডিয়া জায়ান্ট মেটা (Meta) এ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) মাৰ্ক জুকাৰবাৰ্গে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তেওঁলোকৰ সংস্থাক এআই প্ৰতিযোগিতাত আগুৱাই নিবলৈ নিজৰ এক সুদূৰপ্ৰসাৰী দৃষ্টিভংগী জনাইছে। বিশেষকৈ চীনৰ তীব্ৰ প্ৰতিদ্বন্দিতা আৰু ওপেনএআই (OpenAI) তথা এন্থ্ৰ’পিকৰ (Anthropic) একাধিপত্যক প্ৰত্যাহ্বান জনাই এই ঘোষণা কৰা হৈছে।
সদ্যতে প্ৰকাশিত এটা দীঘলীয়া প্ৰবন্ধত জুকাৰবাৰ্গে আমেৰিকাক চীনৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ আৰু এআইৰ ক্ষেত্ৰত চৰকাৰী একাধিপত্য বা নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ আহ্বান জনাইছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এআইৰ পৰৱৰ্তী স্তৰ অৰ্থাৎ ‘ছুপাৰ ইন্টেলিজেন্স’ (Superintelligence) প্ৰযুক্তি যেন কেৱল কিছুমান নিৰ্দিষ্ট প্ৰতিষ্ঠান বা চৰকাৰৰ হাতত সীমাবদ্ধ নাথাকি সকলোৰে বাবে সুলভ হৈ পৰে।
'গ্লিমাৰ' (Glimmer) নামৰ নতুন অ'পেন-ৱেইট মডেল মুকলি
এই প্ৰতিযোগিতাখনত খোজ মিলবলৈ মেতাই 'গ্লিমাৰ' (Glimmer) নামৰ এটা নতুন অ'পেন-ৱেইট (Open-weight) এআই মডেল মুকলি কৰিছে। এই মডেলটোৱে তুলনামূলকভাৱে কম কম্পিউটিঙৰ শক্তি ব্যৱহাৰ কৰাৰ পিছতো স্বয়ংক্ৰিয়ভাৱে বিভিন্ন কাৰ্য সম্পাদন কৰিবলৈ সমৰ্থ বুলি মেতাই প্ৰকাশ কৰিছে। প্ৰতিদ্বন্দ্বী কোম্পানীবোৰে সাধাৰণতে ‘ক্ল’জড’ (Closed) বা বন্ধ মডেল ব্যৱহাৰ কৰে, যিবোৰক বাহিৰৰ ব্যৱহাৰকাৰীয়ে পৰীক্ষা কৰিব নোৱাৰে। কিন্তু মেতাই মুকলি কৰা অ'পেন-ৱেইট মডেলসমূহে ব্যৱহাৰকাৰীসকলক প্ৰণালীটো নিয়ন্ত্ৰণ কৰা নিয়মসমূহ ডাউনলোড কৰিবলৈ সুবিধা দিয়ে।
প্ৰতিষ্ঠানৰ সলনি ব্যৱহাৰকাৰীৰ অধিকাৰৰ ওপৰত গুৰুত্ব
জুকাৰবাৰ্গে তেওঁৰ বাৰ্তাত স্পষ্ট কৰি দিয়ে যে কিছুমান প্ৰতিষ্ঠান বা চৰকাৰৰ হাতত এআই প্ৰযুক্তি কেন্দ্ৰীভূত হৈ পৰিলে তাৰ ফলাফল সাধাৰণ মানুহৰ বাবে অনুকূল নহ’বও পাৰে। তেওঁৰ মতে, প্ৰযুক্তিৰ ক্ষমতাক কেন্দ্ৰীভূত কৰাৰ পৰিৱৰ্তে ইয়াক বহুলভাৱে বিতৰণ কৰা উচিত, যাতে প্ৰতিজন ব্যক্তিয়ে ইয়াক সঠিকভাৱে নিৰ্দেশনা দিব পাৰে।
চীনৰ বিকাশমান প্ৰযুক্তি আৰু সস্তীয়া অ'পেন মডেলসমূহৰ সৈতে মোকাবিলা কৰিবলৈ আমেৰিকান প্ৰতিষ্ঠানসমূহেও নিজৰ খোজ দ্ৰুত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে। বৰ্তমান চিলিকন ভেলীত এআইৰ নিয়ন্ত্ৰণ আৰু সুৰক্ষাৰ নীতিগত বিতৰ্ক চলি থকাৰ সময়তে মেতাৰ এই পদক্ষেপে গ্ল’বেল টেক মাৰ্কেটত এক নতুন জোকাৰণি সৃষ্টি কৰিছে।