ভাৰতত প্ৰযুক্তিগত খণ্ডত এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি বিশ্বৰ আগশাৰীৰ ছফটৱেৰ প্ৰতিষ্ঠান মাইক্ৰ’ছফ্টে (Microsoft) হাইদৰাবাদত তেওঁলোকৰ অতি আধুনিক ডাটা চেণ্টাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই নতুন সুবিধাৰ জৰিয়তে ভাৰতীয় ব্যৱহাৰকাৰীসকলে এতিয়া দেশৰ ভিতৰতে মাইক্ৰ’ছফ্ট ক্লাউড সেৱা (Microsoft Cloud services) আৰু AI ৱৰ্কলোডসমূহ সুকলমে পৰিচালনা কৰিব পাৰিব।

এই নতুন হাইদৰাবাদ ডাটা চেণ্টাৰ মুকলি হোৱাৰ লগে লগে ভাৰতত মাইক্ৰ’ছফ্টৰ ক্লাউড অঞ্চলৰ (Cloud Regions) সংখ্যা চাৰিটালৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বে পুণে, চেন্নাই আৰু মুম্বাইত কোম্পটটোৰ ইতিমধ্যে আন তিনিটা ডাটা চেণ্টাৰ সক্ৰিয় হৈ আছে। মাইক্ৰ’ছফ্ট ইণ্ডিয়াৰ সভাপতি পুনীত চণ্ডকে কয় যে ভাৰতক ‘AI-first’ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাত অগ্ৰণী দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

প্ৰতিষ্ঠানসমূহৰ বাবে উন্নত সুবিধা

কৃত্রিম বুদ্ধিমত্তাৰ (AI) বৰ্তমান যুগত প্ৰতিষ্ঠানসমূহৰ চাহিদাক লক্ষ্য কৰি এই চেণ্টাৰটো নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতীয় কোম্পানীবোৰে নিজৰ গুৰুত্বপূৰ্ণ চিষ্টেমসমূহ আধুনিকীকৰণ কৰাৰ পাশাপাশি সুৰক্ষিত আৰু দ্ৰুতগতিত ডিজিটেল সেৱা বিকশিত কৰিব পাৰিব। আদানি গ্ৰুপ, এইচডিএফচি বেংক (HDFC Bank) আৰু বাজাজ ফিনছাৰ্ভৰ দৰে আগশাৰীৰ ভাৰতীয় কোম্পানীবোৰে ইতিমধ্যে এই নতুন ক্লাউড অঞ্চলটোৰ সুবিধা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।  

মাইক্ৰ’ছফ্টে বিগত দুবছৰ ধৰি ভাৰতত আজুৰ (Azure) ক্লাউড সেৱাত দ্বৈত অংকৰ বৃদ্ধিলৈ লক্ষ্য ৰাখি এই বিশাল বিনিয়োগ অব্যাহত ৰাখিছে। এই হাইদৰাবাদ ডাটা চেণ্টাৰ মুকলি হোৱাৰ ফলত দেশৰ ডিজিটেল অৰ্থনীতি আৰু AI খণ্ডই এক নতুন গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।