আজি, ১৮ আগষ্ট, ২০২৬ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ (ISS) বাহিৰত এক গুৰুত্বপূৰ্ণ স্পেচৱাক অভিযান চলোৱা হ’ব। এই ঐতিহাসিক অভিযানত অংশ ল’ব নাছাৰ মহাকাশচাৰী অনিল মেনন আৰু ইউৰোপীয় মহাকাশ সংস্থা (ESA)ৰ মহাকাশচাৰী ছফি আডেনোটে।
মহাকাশ কেন্দ্ৰটোৰ বাহিৰত থকা এটা গুৰুত্বপূৰ্ণ যোগাযোগ এণ্টেনা সলনি কৰাই হৈছে এই স্পেচৱাকৰ মূল উদ্দেশ্য। প্ৰায় ছৰে ছঘণ্টীয়া এই অভিযানৰ বাবে মহাকাশচাৰী দুগৰাকীয়ে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই অভিযানৰ জৰিয়তে ছফি আডেনোটে প্ৰথমগৰাকী ফৰাচী মহিলা হিচাপে স্পেচৱাক কৰাৰ কৃতিত্ব অৰ্জন কৰিব।
কেনেকৈ চাব এই লাইভ অনুষ্ঠান:
নাছাই এই সমগ্ৰ ঘটনাটো নিজৰ অফিচিয়েল ৱেবছাইট (NASA TV) আৰু ইউটিউব চেনেলত পোনপটীয়াকৈ প্ৰচাৰ কৰিব। ভাৰতীয় মানক সময় অনুসৰি সন্ধিয়া ৬:০৫ বজাত এই স্পেচৱাক আৰম্ভ হোৱাৰ কথা। আপুনি নাছাৰ অফিচিয়েল ইউটিউব চেনেল বা নাছাৰ ৱেবছাইটত বিনামূলীয়াকৈ এই মহাকাশ অভিযান প্ৰত্যক্ষ কৰিব পাৰিব।