নতুনদিল্লী: দেশত ক্ৰমাৎ বৃদ্ধি পাই অহা বয়স্ক জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে নীতি আয়োগে। ২০৪৭ চনৰ 'বিকশিত ভাৰত'ৰ লক্ষ্য উপনীত হোৱাৰ পথত দেশৰ যত্ন সেৱা বা কেৰাগিভিং ব্যৱস্থাক অধিক শক্তিশালী আৰু সুসংগঠিত কৰাৰ উদ্দেশ্যে বুধবাৰে নীতি আয়োগে এক নতুন প্ৰতিবেদন প্ৰকাশ কৰে।

"ৰিমাজিনিং কেয়াৰ: ষ্ট্ৰেটেজিজ ফৰ এম্পাৱাৰিং কেৰাগিভাৰ্ছ ইন বিকশিত ভাৰত@২০৪৭" শীৰ্ষক এই প্ৰতিবেদনখন নীতি আয়োগৰ ভাইচ-চেয়াৰমেন অশোক কুমাৰ লাহিৰীয়ে সদস্য ড০ আৰু বালাছুব্ৰমণিয়াম আৰু অন্যান্য জ্যেষ্ঠ কর্মকর্তা সকলৰ উপস্থিতিত মুকলি কৰে।

প্ৰতিবেদনৰ মুখ্য প্ৰস্তাৱসমূহ:

ৰাষ্ট্ৰীয় যত্নদাতা পৰিষদ (NCC) গঠন: যত্ন সেৱা প্ৰদানকাৰীসকলৰ বাবে প্ৰশিক্ষণ, প্ৰমাণপত্ৰ প্ৰদান, মান নিৰ্ধাৰণ আৰু তেওঁলোকৰ পঞ্জীয়ন নিয়ন্ত্ৰণ কৰিবলৈ এখন কেন্দ্ৰীয় পৰিষদ গঠনৰ পৰামৰ্শ দিয়া হৈছে।

পেছাদাৰী স্বীকৃতি: যত্ন সেৱাৰ লগত জড়িত লোকসকলক মৰ্যাদা প্ৰদান কৰিবলৈ এক সুকীয়া পেছাদাৰী কেডাৰ সৃষ্টি কৰা হ'ব, যিয়ে তেওঁলোকৰ সামাজিক সুৰক্ষা আৰু কৰ্মসংস্থাপনৰ পথ মুকলি কৰিব।

বৈশ্বিক সুযোগ: বিশ্বজুৰি যত্নদাতাৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ ভাৰতীয় যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়োগৰ সুবিধা কৰি দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

নীতি আয়োগৰ মতে, এই নীতিয়ে কেৱল বয়স্ক বা প্ৰতিবন্ধী লোকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাই নহয়, বৰঞ্চ দেশত লাখ লাখ দক্ষ কৰ্মসংস্থাপন সৃষ্টি কৰি মহিলাৰ আৰ্থিক অংশগ্ৰহণ বৃদ্ধি কৰাতো যথেষ্ট সহায়ক হ’ব।