নতুন দিল্লী/হংকং: আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী (Strait of Hormuz) পুনৰ মুকলি কৰাৰ বাবে চলি থকা আলোচনাৰ ফলত সৃষ্টি হোৱা আশা ম্লান পৰাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইল বা কেঁচা তেলৰ দাম পুনৰ বৃদ্ধি পাইছে। বিগত সপ্তাহত কেঁচা তেলৰ দাম প্ৰায় ১০ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
শই কেইটাত হোৱা বিভিন্ন কূটনৈতিক পৰিস্থিতি আৰু আমেৰিকা-ইৰাণৰ মাজত ক্ষতিপূৰ্ণক লৈ নতুন দাবী-পাল্টাদাবীয়ে এই সংকটক অধিক ঘনীভূত কৰি তুলিছে। ইৰাণে প্ৰকাশ কৰা মতে, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ এই জলপথটো পুনৰ মুকলি কৰাৰ বাবে আমেৰিকাই নিষেধাজ্ঞা উঠতি লোৱাৰ লগতে অন্যান্য চৰ্তসমূহ মানি চলাটো বাধ্যতামূলক। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণৰ চৰ্ত প্ৰত্যাখ্যান কৰি ইৰাণৰ বিগত সংঘাত আৰু আক্ৰমণত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ক্ষতিপূৰ্ণ দাবী কৰিছে।
এই কূটনৈতিক টনা-টনোৱাৰ বাবে জলপথটো শীঘ্ৰে মুকলি হোৱাৰ সম্ভাৱনা এতিয়া আৰু অধিক দূৰৈলৈ গুচি গৈছে। বিশেষজ্ঞসকলৰ মতে, হৰমুজ প্ৰণালীৰ জৰিয়তে স্বাভাবিক শিপিং বা জাহাজ চলাচল বন্ধ হৈ থকালৈকে বিশ্বৰ তেল বজাৰত ইয়াৰ ঊর্ধ্বমুখী হেঁচা অব্যাহত থাকিব। ইয়াৰ ফলত বিশ্বজুৰি মুদ্ৰাস্ফীতিৰ নতুন আশংকা বৃদ্ধি পোৱাৰ লগতে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ সুতৰ হাৰ বৃদ্ধিক লৈও জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।