নতুন দিল্লী: দেশৰ অৰ্থনৈতিক স্থিৰতা আৰু বিশ্ববজাৰৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) ২০২৬ বৰ্ষৰ আগষ্ট মাহৰ মুদ্ৰানীতি বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰ্বিআইৰ মুদ্ৰানীতি সমিতিৰ (MPC) বৈঠকত সৰ্বসন্মতিক্রমে বেঞ্চমাৰ্ক ৰেপ ৰেট ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ কথা ঘোষণা কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই।

৩ আগষ্টৰ পৰা আৰম্ভ হৈ ৫ আগষ্টলৈকে চলি থকা এই তিনিদিনীয়া বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰি গৱৰ্ণৰগৰাকীয়ে কয় যে বিশ্বৰ অৰ্থনীতিৰ অস্থিৰতা আৰু ভূ-ৰাজনৈতিক উত্তেজনাৰ মাজতো ভাৰতীয় অৰ্থনীতি যথেষ্ট শক্তিশালী হৈ আছে।

ৰেপ ৰেট অপৰিৱৰ্তিত থকাৰ মুখ্য কাৰণসমূহ:

গ্লোবেল প্ৰেছাৰ: 

পশ্চিম এছিয়াৰ সংঘাত আৰু বিশ্বজুৰি যোগান শৃংখলত (supply chain) বাধা সৃষ্টি হোৱাৰ বাবে বজাৰত দেখা দিয়া অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।  

মুদ্ৰাস্ফীতি নিয়ন্ত্রণ: 

দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ আৰু চলিত বিত্তীয় বৰ্ষৰ জিডিপি (GDP) বৃদ্ধিৰ হাৰক লৈ কেন্দ্ৰীয় বেংকে সজাগ দৃষ্টি ৰাখিছে।

নিয়মিত স্থিৰতা: 

ৰেপ ৰেট অপৰিৱৰ্তিত থকাৰ ফলত সাধাৰণ গ্ৰাহকৰ গৃহঋণ, বাহন ঋণ আদিৰ মাহিলী কিস্তি বা EMI বৃদ্ধি নাপায়, যিটো জনসাধাৰণৰ বাবে এক সকাহৰ খবৰ।

জিডিপি আৰু মুদ্ৰাস্ফীতিৰ পূৰ্বাভাস:

আৰ্বিআইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে বাস্তৱিক জিডিপি বৃদ্ধিৰ হাৰ ৬.৭ শতাংশ হ'ব বুলি অনুমান কৰিছে। একেদৰে, উপভোক্তা মূল্য সূচকাংকৰ (CPI) ভিত্তিত মুদ্ৰাস্ফীতিৰ হাৰ গড়ে ৫.০ শতাংশ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই লগতে উল্লেখ কৰে যে যদিও দেশৰ ঘৰুৱা চাহিদা শক্তিশালী, তথাপিও গোলকীয় প্ৰত্যাহ্বানসমূহৰ প্ৰতি কেন্দ্ৰীয় বেংক সম্পূৰ্ণ সজাগ হৈ থাকিব।