আমি বহুজনে দীঘলীয়া সময় ধৰি পানীৰ তলত বা গা ধোৱাৰ সময়ত অনুভৱ কৰিছোঁ যে আমাৰ হাতৰ আঙুলিৰ ছালবোৰ কোঁচ খাই পৰে। সাধাৰণতে আমাৰ ধাৰণা আছিল যে ছালে পানী শুহি লোৱাৰ বাবেই এনেদৰে কোঁচ খায়। কিন্তু শেহতীয়া বৈজ্ঞানিক গৱেষণাত এই ধাৰণা সম্পূৰ্ণৰূপে ভুল ব প্রমাণিত হৈছে।
বিজ্ঞানীসকলৰ মতে, পানীৰ সংস্পৰশত আঙুলি কোঁচ খোৱাটো কোনো সাধাৰণ বা যাদৃচ্ছিক প্ৰক্ৰিয়া নহয়, বৰঞ্চ ই আমাৰ স্নায়ুতন্ত্রৰ দ্বাৰাহে নিয়ন্ত্ৰিত হয়। যেতিয়া আমাৰ হাত বা ভৰি দীৰ্ঘ সময়ৰ বাবে পানীত থাকে, তেতিয়া শৰীৰৰ স্বায়ত্তশাসিত স্নায়ুতন্ত্ৰই (Autonomic Nervous System) আঙুলিৰ ভিতৰত থকা তেজৰ নলীসমূহ সংকুচিত কৰাৰ সংকেত দিয়ে।
এই তেজৰ নলীবোৰ সংকুচিত হোৱাৰ ফলত আঙুলিৰ ভিতৰৰ অংশৰ আয়তন কমি যায় আৰু ওপৰৰ ছালখনে ভাঁজ ল’বলৈ বাধ্য হয়। তাৰ ফলতেই আঙুলিত খালী খালী আঁচ বা কোঁচ খোৱা দাগৰ সৃষ্টি হয়। যদি কাৰোবাৰ হাতৰ স্নায়ু দুৰ্বল বা ক্ষতিগ্ৰস্ত হয়, তেন্তে তেওঁলোকৰ আঙুলি পানীত ডুবাই ৰাখিলে এনেদৰে কোঁচ নাখায়। ইয়াৰ পৰাই স্পষ্ট হয় যে ইয়াৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ স্নায়ুৰ ওপৰত নিৰ্ভৰশীল।
বিৱৰ্তনীয় লাভালাভ কি?
বিজ্ঞানীকলে বিশ্বাস কৰে যে এই বিশেষ প্ৰক্ৰিয়াটো শৰীৰৰ এক গুৰুত্বপূৰ্ণ অভিযোজন (Evolutionary Adaptation) । যেতিয়া বস্তু তিতা হৈ থাকে, তেতিয়া তাক ধৰি ৰখাটো কঠিন হৈ পৰে। কোঁচ খোৱা আঙুলিবোৰে বৰষুণৰ দিনত বা তিতা অৱস্থাত যিকোনো পিছল বা তিতা বস্তুক অতি সহজে আৰু শক্তিশালীভাৱে ধৰি ৰখাত সহায় কৰে। এয়া প্ৰাচীন কালত আমাৰ পূৰ্বপুৰুষসকলৰ বাবে পানীৰ তলত খাদ্য বা মাছ ধৰাৰ ক্ষেত্ৰত অতি সহায়ক আছিল বুলিও গৱেষকসকলে মত প্ৰকাশ কৰিছে।